ভাৰতৰ ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাই কিৰ্গীস্তানৰ বিছকেকত অনুষ্ঠিত এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফোগাটে কালি ৫০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ লৌৰা গানিকীজিক ১০-০ ফলাফলত পৰাস্ত কৰে। একেদৰে অংশু মালিকে ৫৭ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত উজবেকিস্তানৰ লেলোখোন ছোবিৰভাক ১১-০ ফলাফলত পৰাভূত কৰে। আনহাতে, ৰীতিকাই ৭৬ কিলোগ্রাম ওজন শাখাত চীনা টাইপেৰ হুই টি চাঙক ৭-০ ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।
Site Admin | April 21, 2024 1:14 PM | wrestling
এছিয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্রতিযোগিতাৰ ফাইনেলত ৱিনেশ ফোগাট, অংশু মালিক আৰু ৰীতিকা হুডাৰ প্ৰৱেশ
