July 17, 2024 11:05 AM | Women Cricket

printer

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দল কলম্বোত উপস্থিত

ভাৰতীয় মহিলা ক্রিকেট দল এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্রতিযোগিতা শুকুৰবাৰে ডাম্বুলাত আৰম্ভ হ’ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতক পাকিস্তান, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ই আৰু নেপালৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে, শ্রীলংকা, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে এইবাৰো এছিয়া কাপৰ খিতাপ দখলৰ চেষ্টা চলাব। উল্লেখযোগ্য যে ভাৰতে ২০১৮ চনৰ বাহিৰে প্রতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে। ভাৰত ২০১৮ চনৰ ফাইনেলত বাংলাদেশৰ হাতত পৰাজিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক