ডাউনলোড
মোবাইল এপ

android apple
signal

এছিয়া এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ দীপাংশু শর্মাৰ স্বর্ণ পদক লাভ

ভাৰতৰ দীপাংশু শর্মাই কালি ডুবাইত ২০ বছৰ অনুৰ্ধৰ এছিয় এথলেটিকছ চেম্পিয়নশ্বিপৰ উদ্বোধনী দিনটোত পুৰুষৰ জেভলিন থ্র’ত স্বর্ণ পদক লাভ কৰাৰ বিপৰীতে আন তিনিগৰাকী সতীৰ্থ খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ জেভলিন থ্ৰ’ত দীপাংশুৱে ৭০ দশমিক ২-৯ মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ৰোহন যাদৱে ৭০ দশমিক ০-৩ মিটাৰ দূৰত্বৰে ৰূপৰ পদক দখল কৰে। ইপিনে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত প্রিয়াংশুৱে তিনি মিনিট আৰু ৫০ দশমিক ৮-৫ ছেকেণ্ডেৰে ৰূপৰ পদক লাভ কৰে৷ ইয়াৰ পূৰ্বে ঋতিক ৰাথীয়ে কালি ৫৩ দশমিক ০-১ মিটাৰ থ’ৰে পুৰুষৰ ডিছকাছ থ্ৰ’ত ৰূপৰ পদক লাভ কৰে আৰু প্ৰতিযোগিতাত ভাৰতৰ হৈ পদক জয় কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ডুবাইত এইবেলি প্রতিযোগিতাত মুঠ ৬০ গৰাকী ভাৰতীয় খেলুৱৈয়ে ভাগ লৈছে। ইয়াৰ ৩১ গৰাকী পুৰুষ আৰু ২৯ গৰাকী মহিলা খেলুৱৈ। বিগত বৰ্ষত ভাৰতে ৬টা সোণসহ মুঠ ১৯টা পদক দখলেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ তৃতীয় স্থানত আছিল। চলিত বৰ্ষৰ আগষ্টত পেৰুৰ লিমাত হ’বলগীয়া ২০ বছৰ অনুৰ্ধৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ডুবাইৰ এই প্ৰতিযোগিতাখন যোগ্যতা অর্জনকাৰী প্ৰতিযোগিতা হিচাপে গণ্য কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক