ভাৰতীয় পুৰুষ আৰু মহিলা দলে কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ ফ’ৰ ইনটু ফ’ৰ হান্ড্রেড মিটাৰ ৰিলে দলৰ দুটা ৰূপৰ পদক অৰ্জন কৰে। মহম্মদ অনছ চাহিয়া, টি সন্তোষ কুমাৰ, মিজো চাকো কুৰিয়ন আৰু ৰাজীৱ অৰোকিয়াক লৈ গঠিত ভাৰতীয় দলটোৱে পুৰুষ শিতানত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। এই শিতানত শ্ৰীলংকাই সোণৰ আৰু ভিয়েটনামে ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলা শাখাত ভাৰতৰ ৱিধ্যা ৰামৰাজ, এম আৰ পুৱন্মা, ৰূপন আৰু প্ৰাচী চৌধুৰীয়ে দ্বিতীয় স্থানত সন্তুষ্ট থাকিবলগীয়া হয়। এই শাখাত ভিয়েটনামে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষ আৰু মহিলা ৰিলে দলে ইতিমধ্যে পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।
Site Admin | May 22, 2024 10:20 AM
এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ ৪x৪০০ মিটাৰ ৰিলেত ভাৰতৰ দুটা ৰূপৰ পদক অৰ্জন
