ডাউনলোড
মোবাইল এপ

android apple
signal

April 11, 2024 6:40 PM | election assam

printer

এঘ‌ন্টাত ১.৫৯ লাখ লোকৰ শপত গ্ৰহণেৰে তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় অভিলেখ

স্বতন্ত্ৰতাৰে আৰু নিৰপেক্ষতাৰে ১৯ এপ্ৰিলত ভোট দিয়াৰ বাবে সমূহীয়াভাবে ললে শপত ‌ তিনিচুকীয়া, ১১ এপ্ৰিল: চলিত লোকসভা নিৰ্বাচনত সততা আৰু দায়বদ্ধতাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে কালি তিনিচুকীয়া জিলাৰ ডেৰ লক্ষাধিক লোকে মাত্ৰ এঘন্টাৰ ভিতৰতে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কালি দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত জিলাখনৰ ১,৫৯,১৯১ জন লোকে উপযুক্ত সাক্ষ্য প্ৰমাণ সহ নিৰ্বাচনী শপত বাক্য পাঠ কৰে। দেশৰ ভিতৰত এয়া এক বিৰল অভিলেখ হিচাপে পৰিগণিত হৈছে। জিলা আয়ুক্ত স্বপ্নীল পালৰ আহ্বান ক্ৰমে এই অভিনৱ কাৰ্যসূচীত তিনিচুকীয়াৰ উপৰিও শদীয়া আৰু মাৰ্ঘেৰিটা মহকুমাৰো সকলো চৰকাৰী বিষয়া কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য, চাহ বনুৱা, নতুনকৈ ভোটাধিকাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী, সেনা আৰু আৰক্ষী বাহিনীৰ জোৱান তথা সাধাৰণ জনতা প্ৰমুখ্যে সকলো শ্ৰেণীৰ লোকে আন্তৰিকতাৰে আৰু অতি হৰ্ষচিত্ত মনেৰে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে নিৰ্বাচনী শপত গ্ৰহণক কেন্দ্ৰ কৰি দেশৰ অন্যান্য ৰাজ্যত সুকীয়া সুকীয়া অভিলেখ স্থাপন হৈছে যদিও এখন জিলাত এঘন্টাৰ ভিতৰতে ডেৰ শতাধিক লোকে শপত গ্ৰহণ কৰাৰ অভিলেখ এয়াই সম্ভৱতঃ প্ৰথম। ইয়াৰ বাবে জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচী, চমুকৈ ‘ছুইপ’ কোষে গ্ৰহণ কৰা বিশেষ তৎপৰতা মনকৰিব লগীয়া। ইয়াৰ বাবে জিলা আয়ুক্ত স্বপ্নীল পালে জিলাবাসীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অহা ১৯ এপ্ৰিলত জিলাখনত হবলগীয়া ভোটগ্ৰহণত সকলো শ্ৰেণীৰ লোকৰ ব্যাপক অংশগ্ৰহণ কামনা কৰিছে। তেওঁ এটা বাৰ্তাত কয় যে, জনসাধাৰণে ভয় আৰু প্ৰৰোচনাৰ পৰা সম্পূৰ্ণ মুক্ত হৈ স্বতন্ত্ৰভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা উচিত। তিনিচুকীয়া জিলা প্ৰশাসনৰ বিশেষ তৎপৰতাত জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ‘প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা তথা নিৰ্বাচনী অংশগ্ৰহণ’ কাৰ্যসূচী অৰ্থাৎ ছুইপ কোষৰ ভাৰপ্ৰাপ্ত বিষয়া নুজাহাৎ নাছৰিণে এই কথা সদৰি কৰি জনাইছে যে, জিলাখনৰ বিভিন্ন ঠাইত কালি দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ একে সময়তে গ্ৰহণ কৰা এই প্ৰতিটো শপত গ্ৰহণ অনুষ্ঠানৰ জিও টেগিং ফটো আৰু ভিডিওগ্ৰাফীৰ ব্যৱস্থা কৰা হয় যাতে ইয়াৰ সময় আৰু স্থান নিৰ্ধাৰণ কৰিব পৰা যায়। সেই অনুসৰি “লাখো কা গৰ্ব, শপথ কা পৰ্ব” (লাখৰ গৰ্ব, শপতৰ পৰ্ব) শীৰ্ষক শ্লোগান লৈ নিৰ্দিষ্ট এঘন্টা সময়ৰ ভিতৰত এক লাখ লোকৰ শপত গ্ৰহণেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, মুৰকত ৰাইজৰ বিপুল সহাঁৰিত সেই সংখ্যাই ডেৰ লক্ষ অতিক্ৰম কৰে। এতিয়ালৈকে কৰা গণনা অনুসৰি মুঠ ১,৫৯,১৯১ জন লোকে কালি উক্ত এঘন্টা সময়ৰ ভিতৰত শপত গ্ৰহণ কৰিছে। এই পৰিসংখ্যাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল ৯৬,৪১৯ গৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্য‌ই। লক্ষণীয় ভাবে ৩৩,৬০৩ গৰাকী চাহ বনুৱাৰ অংশগ্ৰহণে এই কাৰ্যসূচী সফল কৰাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তদুপৰি জিলাখনৰ সেনা ছাউনীৰ বিষয়া-জোৱান, স্নাতক শ্ৰেণীৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নগৰীয় জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্যা, আশা কৰ্মী, অধিবক্তা, তৈল প্ৰতিষ্ঠানৰ বিষয়া -কৰ্মচাৰীসকল, বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়া -কৰ্মচাৰীসকল, বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া -কৰ্মচাৰী আদিৰ অংশগ্ৰহণে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এতিয়ালৈকে আনুষ্ঠানিক স্বীকৃতি লাভ নকৰিলেও এই কাৰ্যসূচীৰ সফলতাই তিনিচুকীয়া জিলাৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলক উৎসাহিত কৰি তোলাৰ লগতে এনে অভিলেখে জিলাবাসীক আনন্দিত কৰি তোলা দেখা গৈছে। উল্লেখযোগ্য যে, দেশৰ আন আন ৰাজ্যতো এইবেলি নিৰ্বাচনী শপত গ্ৰহণক কেন্দ্ৰ কৰি ভিন ভিন অভিলেখ স্থাপন হৈছে যদিও, মাত্ৰ এঘন্টাৰ ভিতৰতে এনে বৃহৎ সংখ্যক লোকে সমূহীয়াভাৱে শপত গ্ৰহণ কৰাৰ উদাহৰণ আন কতো দৃষ্টিগোচৰ হোৱা নাই। কালি একে সময়তে তিনিচুকীয়া আই টি আই খেলপথাৰত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকলৰ লগতে আঢ়ৈশৰো অধিক লোকে সমূহীয়াভাৱে শপত গ্ৰহণ কৰে। ইয়াত কোৱা হয় যে, ‘আমি ভাৰতীয় নাগৰিক সকলে, গণতন্ত্ৰত আমাৰ পূৰ্ণ আস্থা ৰাখি এই শপত ল‌ও যে আমি আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যদা অক্ষুণ্ণ ৰাখিম তথা স্বতন্ত্ৰ, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুণ্ণ ৰাখি নিৰ্ভিকভাবে ধৰ্ম, বৰ্ণ, জাতি, সম্প্ৰদায়, ভাষা অথবা কোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ অহা ১৯ এপ্ৰিল ২০২৪ তাৰিখে অনুষ্ঠিত নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিম’। এই শপত বাক্য শাৰী জিলা ছুইপ কোষৰ তৰফৰ পৰা অসমীয়াৰ উপৰিও হিন্দী আৰু ইংৰাজী ভাষাতো বিতৰণ কৰা হয়।

 

অধিক পঢ়ক

সকলো চাওক