এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিবঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিব। নতুন দিল্লীত আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া বৰ্ষপূর্তি উপলক্ষে স্বচ্ছতাই সেৱা ২০২৪ অনুষ্ঠানত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাক এক গণ আন্দোলনৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত ১৪০ কোটি দেশবাসীৰ প্ৰচেষ্টাক সন্মান প্ৰদৰ্শন কৰে। স্বচ্ছ ভাৰত অভিযানৰ সফলতাত প্ৰতিজন ভাৰতীয়ই অৱদান আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ সৈতে সংগতি ৰাখি আজি বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা স্বচ্ছতা অভিযানৰ ১০ বছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠানত বহুকেইজন মুখ্যমন্ত্রী, মন্ত্রী তথা চৰকাৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথাও তেওঁ বক্তব্যত উল্লেখ কৰে।
শ্রীমোদীয়ে উল্লেখ কৰে যে কেৱল মাত্র ১৫ দিনীয়া সেৱা পাখৱাড়াত সমগ্ৰ দেশতে ২৭ লক্ষাধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত ২৪ কোটিতকৈও অধিক দেশবাসীয়ে অংশগ্রহণ কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ মহানমনিষীসকলে দেখা সপোনৰ ভাৰতখন লাভ কৰিবলৈ আজিৰ দিনটোৱে অনুপ্ৰাণিত কৰে বুলি মোদীয়ে কয়। এই অভিযানৰ সফলতাৰ বাবে তেওঁ সমগ্ৰ দেশবাসীৰ লগতে চাফাই কৰ্মী, ধৰ্মীয় গুৰু, ক্রীড়াবিদ, জনপ্রিয় ব্যক্তিসকল, বিভিন্ন বেচৰকাৰী সংস্থাৰ লগতে সংবাদকর্মীসকলৰ শলাগ লয়। এই অনুষ্ঠানত অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত ৯ হাজাৰ ৬০০ কোটি টকাৰ অধিক মূল্যৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আমৰুৰ্ট আৰু আমৰুৰ্ট দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰকল্প, স্বচ্ছ গংগাৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰু গোৱাৰ্ধন আঁচনিৰ অধীনত ১৫টা সংকুচিত বায়’গেছ প্রকল্প অন্যতম।
আজিৰ পৰা হাজাৰ বছৰ পাছত যেতিয়া একবিংশ শতিকাৰ ভাৰতৰ কথা মানুহে পঢ়িব তেতিয়া স্বচ্ছ ভাৰত অভিযানৰ কথা নিশ্চকৈ মনত পেলাব। এই অভিযানক দেশৰ সৰ্ববৃহৎ সফল গণ আন্দোলন বুলিও শ্রীমোদীয়ে কয়। অনুষ্ঠানত কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী চি আৰ পাৰ্টিল, গৃহনির্মাণ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রী মনোহৰ লালৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিবসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক