July 28, 2024 6:41 PM | Maan ki Baat

printer

এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়িব পাৰেঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে যে, এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে। এই প্ৰসংগত মেড ইন ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পত আলোকপাত কৰি তেওঁ ভাৰতৰ ৰাজহুৱা কলা অৰ্থাৎ পাৰি প্ৰকল্পৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, পাৰি প্ৰকল্প ৰাজহুৱা কলাক জনপ্ৰিয় কৰি তোলাৰ বাবে শিল্পীসকলক একেখন মঞ্চত সমবেত কৰাৰ ফলপ্ৰসূ মাধ্যম হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, পথৰ দাঁতি, দেৱাল আদিত পাৰিৰ সৈতে জড়িত শিল্পীসকলে চিত্র অঁকাত ব্যস্ত হৈ পৰিছে। এই কাৰ্যই কেৱল ৰাজহুৱা স্থানসমূহৰ সৌন্দৰ্য বর্ধনেই নহয় বৰং ভাৰতীয় সংস্কৃতিক অধিক জনপ্ৰিয় কৰি তোলাতো সহায় কৰিছে বুলি প্রধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁ দিল্লীৰ ভাৰত মণ্ডপম আৰু সমগ্ৰ দেশৰ উৰণ সেতুসমূহৰ উদাহৰণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক