মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ’ব বুলি মত প্ৰকাশ কৰিছে। এই বিধেয়কখন আইনত পৰিণত হ’লে দেশত নির্বাচন সম্পৰ্কীয় ব্যয় হ্রাস হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে নিৰ্বাচনী প্ৰচাৰ একে সময়তে হ’লে সকলো পক্ষ উপকৃত হ’ব। সংসদত এই বিধেয়ক সন্দৰ্ভত চৰ্চা হ’লে এই বিষয়ে সকলো পক্ষ অৱগত হ’ব বুলিও তেওঁ উল্লেখ কৰে। স্বৰাজোত্তৰ কালত সমগ্ৰ দেশত একেলগে নির্বাচন অনুষ্ঠিত হৈছিল যদিও পাছলৈ কংগ্ৰেছৰ শাসনকালত দেশত নির্বাচন ব্যৱস্থা পৰিৱৰ্তন হয় বুলি তেওঁ মত প্ৰকাশ কৰে।
Site Admin | December 15, 2024 7:45 PM | Assam CM