প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতে সদায় জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ বাবে পোষকতা কৰে বুলি উল্লেখ কৰে। লাওচৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মুক্ত যোগাযোগ আৰু শান্তিপূর্ণ আলোচনাৰ প্ৰতিশ্ৰুতিৰ লগতে সীমা বিবাদৰ পৰা আৰম্ভ কৰি বাণিজ্যিক চুক্তিলৈকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক স্পষ্ট ৰূপত দাঙি ধৰে। তেওঁ ভাৰতে বিশ্বজনীন সমস্যাই প্রকৃত, দীৰ্ঘম্যাদী সমস্যাৰ সমাধান সম্ভৱ হোৱাৰ কথা উল্লেখ কৰি জাতিসমূহে গঠনমূলকভাৱে পৰস্পৰৰ দৃষ্টিভংগী সন্মান প্ৰদৰ্শন কৰা উচিত বুলি প্ৰকাশ কৰে। বিশ্বৰ বিভিন্ন ঠাইত চলি থকা সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি থকা প্ৰত্যাহ্বানৰ কথা বিবেচনা কৰাৰ উদ্দেশ্যেৰে লাওচৰ এই বৈঠকত অংশগ্ৰহণ কৰাটো অন্যতম বুলি প্ৰকাশ কৰি বৌদ্ধ ধৰ্মৰ অহিংসা আৰু শান্তিৰ নীতি বহুদিনৰ পৰাই আভ্যন্তৰীণ সমস্যাসমূহক সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সমৃদ্ধিৰ প্ৰসাৰৰ প্ৰেক্ষাপটত নেভিকেশ্যন আৰু অ’ভাৰফ্লাইটৰ স্বাধীনতা, বৈধ বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ আনুগত্যৰ বাবে ভাৰতে থিয় দিছে বুলি ভাষণ প্ৰসঙ্গত তেওঁ প্ৰকাশ কৰে । আচৰণ বিধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এনে এখন সংহিতা দেখিব বিচাৰে যিয়ে এই আলোচনাৰ পক্ষত নথকা জাতিসমূহৰ বৈধ অধিকাৰ আৰু স্বাৰ্থ ক্ষতিগ্ৰস্ত কৰিব নালাগে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সম্পূৰ্ণৰূপে বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সাগৰীয় চুক্তি ১৯৮২ৰ সৈতে এই সংহিতাখন সামঞ্জস্যপূর্ণ হ’ব লাগে বুলি প্ৰকাশ কৰে। একবিংশ শতিকাটোৱেই আছিয়ান শতিকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই অঞ্চলটো সদায় অর্থনৈতিকভাৱে গতিশীল আৰু ব্যৱসায়-বাণিজ্য তথা সাংস্কৃতিক কার্যকলাপেৰে উদ্বুদ্ধ হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ লগতে আছিয়ানৰ সৈতে ভাৰতৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বই ভাৰত আৰু আছিয়ানৰ অংশীদাৰিত্বৰ ভেটি সুদৃঢ় কৰিব বুলিও মন্তব্য কৰে ।
Site Admin | November 21, 2024 5:54 PM | Rajnath Singh