একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ মাজত ভাৰসাম্যতা সময়ৰ প্ৰয়োজনীয়তা আৰু গণতান্ত্রিক মূল্যবোধ আৰু প্ৰযুক্তিৰ একত্ৰীকৰণ মানৱ কল্যাণৰ বাবে এটা প্রতিশ্রুতি। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰতিভা, গণতন্ত্ৰ আৰু বজাৰৰ এখন দেশ। এয়া এক দুৰ্লভ স্থিতি। প্রধানমন্ত্ৰীয়ে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা গঢ়ি তোলাৰ বিষয়েও আলোচনা কৰে। শ্ৰী মোদীয়ে কয় ভাৰতৰ প্রতি মুখ্য কার্যবাহী বিষয়াসকলে প্ৰদৰ্শন কৰা বিশ্বাসৰ বাবে তেওঁ সুখী। প্রধানমন্ত্ৰীয়ে কয় যে যেতিয়া বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্র দ্রুত গতিত বৃদ্ধি পায়, তেতিয়া ই বিশ্ব শান্তি আৰু সমৃদ্ধিৰ নিশ্চয়তাও দিয়ে। আজিৰ ভাৰতীয় শাসন ব্যৱস্থা কেৱল নীতি-নির্দেশিত নহয়, বৰং প্ৰতিটো খণ্ডৰ বিনিয়োগকাৰীক আশ্বাস দিয়া সুস্থিৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। তেওঁ দৃঢ়তাৰে কয় যে মোদীৰ তৃতীয়টো কাৰ্যকালত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। এই ঘূৰণীয়া মেজমেলত প্রযুক্তি, উদ্ভাৱন আৰু ইয়াৰ লগত জড়িত বিভিন্ন দিশসমূহৰ বিষয়েও আলোচনা কৰা হয়। এই বৈঠকত অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ভিতৰত এডবৰ অধ্যক্ষ, সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়ণ, গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আই বি এমৰ মুখ্য কার্যবাহী বিষয়া অৰবিন্দ কৃষ্ণাও আছে।

অধিক পঢ়ক

সকলো চাওক