প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁ কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে নিজৰ নীতি আৰু সিদ্ধান্তৰ জৰিয়তে এক ৰাষ্ট্ৰৰ ভাৱনাক সদায় শক্তিশালী কৰি আহিছে। ৰাষ্ট্ৰীয় একতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে লগতে কয় যে দেশৰ সন্মুখত এনে বহু প্ৰত্যাহ্বান আছে, যিসমূহে একতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত শংকাৰ সৃষ্টি কৰিছে। তেওঁ নাগৰিকসকলক ইয়াৰ বাবে সদায় সজাগ হৈ থাকিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একতা নগৰৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ একতাৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰে। প্রধানমন্ত্ৰীয়ে একতা দিৱসত সংকল্প পাঠো কৰোৱায়। তেওঁ লগতে একতা দিৱসৰ কুচ-কাৱাজ প্ৰত্যক্ষ কৰে। এই কুচ-কাৱাজত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, এন চি চি, ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড, সীমান্ত সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ জোৱানে অংশ লয়। ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ গোটে বিমানেৰে আকাশত ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰে।
Site Admin | October 31, 2024 12:19 PM | National Unity Days | PM Modi