উত্তৰ পূৱ সীমান্ত ৰে’লৱে উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি এখন বিশেষ ৰে’ল বৈষ্ণোদেৱী কাত্ৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত সন্ধিয়া ৬.৪৫ মিনিটত যাত্ৰা কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰৰ নিশা ১০ বজাত কামাখ্যাত উপস্থিত হ’ব। একেদৰে ৰে’লখন ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত কামাখ্যাৰ পৰা পুৱা ৬ বজাত যাত্ৰা কৰি ২ আৰু ৭ নৱেম্বৰৰ পুৱা ৬ বাজি ২০ মিনিটত কাত্ৰাত উপস্থিত হ’ব। এই সময়ছোৱাৰ বাবে কাতিহাৰৰ পৰা মনিহাৰী সংযোগী দুখন ৰে’ল ২৫ টা যাত্ৰাৰ বাবে আজিৰে পৰা ১৯ নৱেম্বৰলৈ চলাচল কৰিব। একেদৰে নিউজলপাইগুৰিৰ পৰা পাটনা অভিমুখী দুখন ৰে’ল ২ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ৫ টা যাত্ৰাৰ বাবে চলাচল কৰিব। ইপিনে, আচাঞ্চলৰ পৰা কাতিহাৰ অভিমুখী, কাতিহাৰৰ পৰা দৌৰমাধেপোৰা অভিমুখী আৰু কাতিহাৰৰ পৰা চাপৰা অভিমুখী ৬ খন ৰে’ল এই সময়ছোৱাতে চলাচল কৰোৱা হ’ব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আই আৰ চি টি চি ৱেৱছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ ছোছিয়েল মিডিয়া প্লেটফৰ্মটো প্ৰকাশ কৰা হৈছে।
Site Admin | October 26, 2024 6:53 PM | Akashvani News | Indian Railway | NF Railway
উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ১২ খন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত
