ভাৰতীয় ৰে’লৱেই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰে’ল যাত্ৰীসকলৰ সুবিধার্থে সমগ্ৰ দেশতে বিশেষ ৰে’ল সেৱা চলাই আছে। প্ৰতিবছৰে ৰে’লত ভ্ৰমণ কৰা লাখ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধাৰ্থে ৰে’লৱেই এই বিশেষ ৰে’ল সেৱা চলাই আহিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ ২,৮০০ খন বিশেষ ৰে’লৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ত প্ৰায় ৪,৫০০ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা কথা-বতৰাত দিল্লী বিভাগীয় ৰে’লৱে প্ৰৱন্ধক সুখবিন্দৰ সিঙে কয় যে উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ বাবে ৰে’লত অসংৰক্ষিত দবাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। তেওঁ লগতে বিগত বৰ্ষৰ তুলনাত অতিৰিক্ত ১২৩ খন নিয়মীয়া ৰে’ল চলাচল কৰোৱা হৈছে বুলিও জানিবলৈ দিয়ে।