ভাৰতীয় ৰেলৱেই উৎসৱৰ বতৰত যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৪০০খন বিশেষ ৰেল মুকলি কৰিছে। নৱৰাত্ৰিৰ পৰা ষট্ পূজালৈ এই উৎসৱৰ সময়ছোৱাত বিশেষ ৰেলসমূহে ৫,৯৭৫টা যাত্ৰা সম্পূৰ্ণ কৰিব। যোৱা বছৰো ৰেল বিভাগে উৎসৱৰ বতৰত ৪,৪২৯টা ৰেল যাত্ৰা কৰাইছিল। যাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি হ’লে ৰেলৰ যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি ৰেল মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, কেন্দ্রীয় ৰেলৱেই উৎসৱৰ সময়ছোৱাত ২৭৮খন ৰেল চলাচল কৰোৱাব। আনহাতে, উত্তৰ ৰে’লৱেই উৎসৱৰ বতৰত ১৩৮খন ৰেল চলাচল কৰাব। তদুপৰি যাত্ৰীসকলৰ সুবিধাৰ বাবে বিশেষ ৰেলৰ উপৰি চলি থকা ১০৮খন ৰেলত অতিৰিক্ত দবা সংযোজন কৰাৰ বিষয়ে ঘোষণা কৰিছে ।
Site Admin | October 6, 2024 8:03 PM | Indian Railway