ডাউনলোড
মোবাইল এপ

android apple
signal

September 30, 2024 1:11 PM

printer

উৎসৱৰ বতৰত জনসাধাৰণক স্থানীয়ভাৱে তৈয়াৰী সামগ্ৰী ক্রয় কৰিবলৈ আহ্বান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাগত উৎসৱৰ বতৰত জনসাধাৰণক স্থানীয়ভাৱে তৈয়াৰী সামগ্ৰী ক্রয় কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ মন কি বাত অনুষ্ঠানত কালি প্রধানমন্ত্ৰীয়ে আহ্বান জনায়। চাকৰি তথা কর্মসংস্থাপনৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তেওঁ কয় যে, নতুনকৈ উন্মোচিত সেৱা আৰু উৎপাদন খণ্ডসমূহৰ প্ৰয়োজন অনুসৰিও চাকৰিৰ প্ৰকাৰ সলনি হৈছে। ভাৰতত উদ্ভাৱিত সামগ্ৰী তথা ধাৰণাৰ আধাৰত সৃজনীশীলতা বিকাশৰ লক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২৫ টা প্ৰত্যাহ্বানমূলক কাম আৰম্ভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোদীয়ে সৃষ্টিশীল লোকসকলক ইয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ২ অক্টোবৰত এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ’ব। তেওঁ কয় যে, বর্তমান দেশবাসী আৱৰ্জনা হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু নৱীকৰণৰ বিষয়ে নিজে সচেতন হোৱাৰ লগতে বিশ্বতো এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে। এই অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি স্বচ্ছ ভাৰত মিছনক এটা গণ আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ প্ৰধানমন্ত্রীয়ে দেশবাসীক আহ্বান জনায়। স্বচ্ছতাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰি যোৱা মহাত্মা গান্ধীলৈ তেওঁ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মন কী বাতত প্ৰধানমন্ত্ৰীয়ে মাৰ নামত এজুপি গছ অর্থাৎ‍ এক পেৰ মা কে নাম অভিযানত অংশ গ্ৰহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত সমগ্ৰ দেশৰ কেইবাহাজাৰ বিদ্যালয়ৰ সক্ৰিয়ভাৱে অংশগ্রহণক প্রধানমন্ত্রীয়ে প্ৰশংসা কৰে। পানী সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে, বৰষুণৰ বতৰত সংগ্ৰহ কৰা পানীয়ে খৰাঙৰ সময়ত দেশবাসীক প্রভূত পৰিমাণে সহায় কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঘুৰাই অনা বুলি ব্যৱস্থা কৰা প্ৰায় ৩০০ টা প্রাচীন কলা সামগ্ৰীৰ বিষয়ে উল্লেখ কৰে। এইসমূহৰ ভিতৰত পোৰামাটি, পাথৰ, হাতীদাঁত, কাঠ, তাম আৰু ব্ৰঞ্জেৰে নিৰ্মিত কলা সামগ্ৰী আছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। আমাৰ দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মাতৃভাষাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্রধানমন্ত্ৰীয়ে মন কী বাতৰ ১০ বছৰ পূৰ্তিৰ প্ৰাকক্ষণত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰসাৰ ভাৰতীৰ সৈতে জড়িত সকলোৰে প্ৰশংসা কৰি কয় যে, তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে মন কী বাতে দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাক সামৰি লবলৈ সমৰ্থ হৈছে। সমাগত উৎসৱসমূহৰ বাবে তেওঁ দেশবাসীক শুভেচ্ছা জনায়।

অধিক পঢ়ক

সকলো চাওক