সাংসদ ৰকিবুল হুছেইনে অসম তথা উত্তৰ-পূৱৰ ৰাইজক উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনাইছে। উত্তৰ-পূৱ সীমান্ত ৰেলত প্ৰায় ৮ হেজাৰ পদ খালী হৈ আছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে এই খালী পদসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবেও দাবী জনায়। ধুবুৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিষয়ববীয়াসকলৰ সৈতে সাংসদগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে লগতে ধুবুৰীৰ পৰা নতুন ৰেল চলাচল আৰম্ভ কৰা আৰু বিলাসীপাৰা ষ্টেছনতো ৰেলৰ ষ্টপেজ দিয়াৰ বাবে দাবী জনায়৷ ইপিনে, ৰেলপথৰ তলেৰে পাৰাপাৰ হবলৈ নিৰ্মাণ কৰা পথত এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্রিম বান ৰোধ কৰিবলৈ জিলা প্ৰশাসন আৰু ৰেল বিভাগৰ বিষয়াক লৈ এখন সমিতি গঠন কৰি তদন্ত কৰাৰ বাবেও সাংসদগৰাকীয়ে দাবী জনায়।
Site Admin | September 6, 2024 8:53 PM | NF Railway | Rakibul Hussain
উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠনৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ
