উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ যাব। উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত শ্ৰীধনখড়ৰ এয়া হ’ব প্ৰথম লাক্ষাদ্বীপ ভ্রমণ। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে এখন জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰিব। ইয়াৰ উপৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন আত্মসহায়ক গোটৰ সদস্য আৰু হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব।
Site Admin | January 17, 2025 10:38 AM | VP
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ ৰাওনা
