উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ইৰাণ ভ্ৰমণ কৰিব। ভ্ৰমণৰ সময়ছোৱাত তেওঁ যোৱা দেওবাৰে হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি ড০ ছৈয়দ ইব্রাহিম ৰাইছি, বিদেশ মন্ত্রী ড০ হোছেইন আমিৰ আব্দুল্লাহিয়ান আৰু ইৰাণৰ অন্যান্য বিষয়াসকলৰ শোকসভাৰ এটা আনুষ্ঠানিক অনুষ্ঠানত অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইৰাণ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নতুন দিল্লীত ইৰাণৰ ইছলামিক গণৰাজ্যৰ দুতাবাস পৰিদৰ্শন কৰি দেশৰ হৈ শোক প্ৰকাশ কৰে। ভাৰতে কালি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে।
Site Admin | May 22, 2024 10:04 AM | VP Visit
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ইৰাণ ভ্ৰমণ
