অসমৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নিৰ্বাচনত নিয়োজিত হ’বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। চিৰাং জিলাৰ চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোত মন্ত্রী অশোক সিংহল, ডাঃ ৰণোজ পেগু আৰু নন্দিতা গাৰ্লোচাই প্ৰচাৰ অভিযান চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে সমষ্টিটোত কংগ্ৰেছ দলেও প্ৰচাৰ অভিযান চলাই আছে। আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব।
Site Admin | November 4, 2024 6:13 PM | Assam | Assam Bye-Election | Election 2024