ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। শাসকীয় বিজেপিকে ধৰি অন্যান্য দলসমূহে সমষ্টিয়ে সমষ্টিয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাৰ আয়োজন কৰিছে। মন্ত্রী পীযূষ হাজৰিকাই বিহালী সমষ্টিৰ কেইবাটাও অঞ্চলত বিজেপিৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জীত দত্তকে ধৰি ভালকেইগৰাকী বিজেপি নেতাই এই প্ৰচাৰ সভাত উপস্থিত থাকে।
ইপিনে মন্ত্ৰী ৰণজিত কুমাৰ দাসে বঙাইগাঁও বিধানসভা সমষ্টিৰ দুলাইগাঁও গাঁও পঞ্চায়তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। তেওঁ অগপৰ বঙাইগাঁও জিলা কাৰ্যালয়ত এখন বৈঠকত অংশগ্রহণ কৰি অহা ৬ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত সম্বোধন কৰিবলগীয়া জনসভাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে। একেদৰে চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এন ডি এ-ৰ মনোনীত বিজেপি প্রার্থী দিল্লুৰঞ্জন শৰ্মাৰ হৈ মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাই প্ৰচাৰ চলায়।
আনহাতে, সাংসদ ৰকিবুল হুছেইনে চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী তানজিল হুছেইনৰ হৈ নির্বাচনী প্ৰচাৰ চলাই জনসভাত অংশ লয়। সাংসদ গৌৰৱ গগৈয়ে বিহালী সমষ্টিৰ কংগ্ৰেছ প্রার্থী জয়ন্ত বৰাৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ধলাই সমষ্টিত কংগ্ৰেছ প্রার্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ হৈ এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং প্রচাৰ সভাত অংশ লয়। জিতেন্দ্ৰ সিঙৰ লগতে এ আই চি চিৰ সম্পাদক পৃথ্বীৰাজ সাথে, এ পি চি চিৰ সভাপতি ভূপেন বৰা, বিধায়ক নন্দিতা দাসৰ লগতে ভালেসংখ্যক দলীয় নেতা-কর্মীয়ে নির্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।
ইপিনে চামগুৰি বিধানসভা সমষ্টিৰ উপ-নির্বাচনত ৮৫ বয়সৰ ঊৰ্ধৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলৰ বাবে জিলা নির্বাচনী বিভাগে নিজ গৃহতে ভোটগ্রহণ সাব্যস্ত কৰাৰ প্ৰক্ৰিয়া আজি আৰম্ভ কৰিছে। সমষ্টিটোৰ এনে ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী বিষয়াসকলে প’ষ্টেল বেলেটৰ যোগেদি ৪ৰ পৰা ৬ নৱেম্বৰৰ ভিতৰত ভোট সংগ্ৰহ কৰিব।