সদ্য সমাপ্ত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰে। আজি বিয়লি দিছপুৰৰ নতুন বিধানসভা ভৱনত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।
প্ৰথমে বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিগন্ত ঘাটোৱালে শপতগ্ৰহণ কৰে। ইয়াৰ পাছত চামগুৰিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিপুৰঞ্জন শর্মা, ছিদলীৰ পৰা নিৰ্বাচিত বি পি এফৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বঙাইগাঁৱৰ পৰা নিৰ্বাচিত অসম গণ পৰিষদৰ বিধায়ক দিপ্তীময়ী চৌধুৰী আৰু ধলাইৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক নিহাৰৰঞ্জন দাসে শপতগ্ৰহণ কৰে।
দিগন্ত ঘাটোৱাল, দিপ্তীময়ী চৌধুৰী আৰু দিল্লু ৰঞ্জন শৰ্মাই অসমীয়াত, নিহাৰৰঞ্জন দাসে বাংলাত আৰু নিৰ্মল কুমাৰ ব্ৰহ্মই বড়ো ভাষাত শপত লয়। আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ মন্ত্ৰীসভাৰ ভালেকেইগৰাকী সদস্য আৰু বিধায়ক উপস্থিত আছিল।