ডাউনলোড
মোবাইল এপ

android apple
signal

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ’বঃ উপ-ৰাষ্ট্ৰপতি

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ’ব বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মন্তব্য কৰিছে। নতুন দিল্লীত আজি উন্নত ভাৰত ২০৪৭: নতুন ভাৰতৰ লক্ষ্য ৩.০ সমাবেশত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় অর্থনীতি আৰু আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনি আৰু ডিজিটেল অনুপ্ৰৱেশক আই এম এফ, বিশ্ব বেংক আৰু বিশ্ব অর্থনৈতিক মঞ্চই প্ৰশংসা কৰিছে। বিনিয়োগ আৰু সুযোগৰ বাবে ভাৰত উল্লেখযোগ্য স্থান হিচাপে আই এম এফে ভাৰতক স্বীকৃতি দিয়া বুলিও শ্রীধনখৰে মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে অতি কম সময়ৰ ভিতৰতে ৫০ কোটিৰো অধিক লোকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰা হৈছে। তেওঁ লগতে ভ’কেল ফৰ লোকেলৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উপৰাষ্ট্ৰপতিগৰকীয়ে জনসাধাৰণক নিজৰ প্ৰয়োজন অনুসৰিহে সম্পদ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক