কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট আলোচনা সম্পূৰ্ণ কৰিছে। বাজেট প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা প্রক্রিয়া সম্পূৰ্ণ কৰিছে। যোৱা ১৯ জুনৰ পৰা ৫ জুলাইলৈকে বিত্ত মন্ত্ৰালয়ত এই সন্দৰ্ভত বৈঠকৰ আয়োজন কৰা হয়। বিত্ত মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ বৰ্ষৰ প্ৰাক বাজেট পৰামৰ্শ সম্পৰ্কীয় বৈঠকত ১০ টা বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰ গোটৰ কমেও ১২০ গৰাকী আমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত কৃষক সংঘ আৰু কৃষি অর্থনীতিবিদ, বাণিজ্য সংঘ, স্বাস্থ্য আৰু শিক্ষা খণ্ড, নিয়োগ আৰু দক্ষতা, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, বাণিজ্য আৰু সেৱা, অৰ্থনীতিবিদ, বিত্তীয় খণ্ড, মূলধনী বজাৰৰ লগতে আন্তঃগাঠনি, শক্তি আৰু নগৰীয়া খণ্ডৰ বিশেষজ্ঞ তথা প্ৰতিনিধিয়ে অংশ লয়। বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিত্ত মন্ত্ৰী সীতাৰমনে প্রাক বাজেট আলোচনা সভাত অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ বহুমুলীয়া পৰামৰ্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় বাজেট প্রস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰামৰ্শসমূহ বিবেচনা কৰা হ’ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। উল্লেখযোগ্য যে অহা ২২ জুলাইত সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব। ১২ আগষ্টত সামৰণি পৰিবলগীয়া অধিবেশনৰ ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্রীয় বাজেট সদনত দাখিল কৰিব। বিত্ত মন্ত্ৰী সীতাৰমনে লোকসভা নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তী বাজেট উত্থাপন কৰে। এইবাৰৰ বাজেটে দেশৰ দ্ৰুত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পৰাকৈ বিভিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ভাৰতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত পৰৱৰ্তী ৫ টা বছৰ নির্ণায়ক হব বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে ভাৰতীয় অর্থনীতিয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮ দশমিক ২ শতাংশ হাৰত বিকাশ লাভ কৰাৰ সময়ত এইবাৰৰ বাজেটে গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। সম্প্ৰতি বিশ্বৰ অন্যতম দ্রুত বিকশিত অর্থনীতি হিচাপে বিবেচিত ভাৰতৰ মুদ্রাস্ফীতি ৫ শতাংশতকৈ অধিক নিম্নগামী হৈছে।
Site Admin | July 7, 2024 8:38 PM | Finance Minister Nirmala Sitharaman chairs pre-budget