June 17, 2024 1:20 PM | Indian Railway

printer

উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু  মালবাহী ৰে’লৰ মাজত সংঘটিত দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু; ৩০ জন আহত

উত্তৰ বংগৰ ৰঙাপানী ষ্টেচনৰ সমীপত কাঞ্চনজংঘা এক্সপ্রেছ আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা এটা দুর্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হৈছে। আজি পুৱা নিউ জলপাইগুৰি ৰে’ল ষ্টেচনৰ সমীপত দুর্ঘটনাটো সংঘটিত হয়। ৰে’ল বিভাগৰ সূত্রই জনোৱা অনুসৰি মালবাহী ৰে’লখন ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ দল আৰু ১৫ খন এম্বুলেঞ্চ ইতিমধ্যে দুর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। দুর্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে ৰে’ল বিভাগে বিভিন্ন স্থানত হেল্প ডেস্ক স্থাপন কৰিছে। শিয়ালদহ ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ হৈছে ০৩৩-২৩৫০৪৭৯৪, ০৩৩-২৩৪৩৩৩২৬। আলোৱাবাৰী ৰোড জৰুৰীকালীন নম্বৰ ৮১৭০০-৩৪২৩৫, কিষাণগঞ্জৰ ৭৫৪২০-২৮০২০, ডালখোলাৰ ৮১৭০০-৩৪২২৮, বাবছ’ইৰ – ৭৫৪১৮-০৬৩৫৮, ছামছিৰ জৰুৰীকালীন নম্বৰ হৈছে – ০৩৫১৩-২৬৫৬৯০।

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰে’ল দুর্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত ৰাষ্টপতিয়ে কয় যে এই ঘটনা অতি দুখজনক আৰু তেওঁৰ সমবেদনা তথা প্রার্থনা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে। ৰাষ্ট্ৰপতিয়ে আহতসকলৰ শীঘ্রেই আৰোগ্য কামনা কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দুর্ঘটনাত প্রিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে আক্রান্তসকলক সহায়ৰ লগতে উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে দুর্ঘটনাস্থলীলৈ ৰাওনা হৈছে। শ্রী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্যৰ বিষয়েও ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক