উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এখন গাঁৱৰ এটা ধৰ্মীয় সমাবেশত আজি হোৱা হেঁচা-ঠেলাৰ ঘটনাত কমেও ২৭জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য ভালেসংখ্যক লোক আহত হয়। এটাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰ সিঙে কৈছে যে পুলৰাই গাঁৱত এটা সৎসঙ্গ অনুষ্ঠানত এই ঘটনা সংঘটিত হয়। অতিপাত ভিৰৰ বাবে হেঁচা-ঠেলাৰ ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে। এটাৰ মুখ্য চিকিৎসা বিষয়া উমেশ কুমাৰ ত্ৰিপাঠীয়ে কৈছে যে বৰ্তমানলৈকে মৰণোত্তৰ পৰীক্ষাৰ বাবে ২৭ টা শৱদেহ অনা হৈছে আৰু ইয়াৰ ভিতৰত ২৫ গৰাকী মহিলা আছে। এই ঘটনাত আহত ভালেসংখ্যক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক আহতসকলক ততালিকে চিকিৎসালয়লৈ লৈ যাবলৈ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।
Site Admin | July 2, 2024 8:32 PM | Uttar Pradesh's Hathras