উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত আজি পুৱা কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই দুৰ্ঘটনাটোৰ বাবে অতিশয় শোক পোৱা বুলি প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকললৈ গভীৰ সমবেদনা ব্যক্ত কৰে। তদুপৰি তেওঁ দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰাৰ লগতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ চিকিৎ‍সাৰ বাবে ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও দুর্ঘটনাটোত গভীৰ শোক ব্যক্ত কৰাৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে উন্নাও জিলাৰ বাংগাৰমউৰ সমীপত এখন দুখলপীয়া বাছে গাখীৰ কঢ়িওৱা টেংকাৰ এখনত খুন্দিওৱাৰ ফলত এই লোককেইজন হতাহত হৈছিল। বাছখন বিহাৰৰ সীতামাঢ়িৰ পৰা দিল্লী অভিমুখে গৈ আছিল । বাছখনৰ বেগ ইমানেই তীব্ৰ আছিল যে দুৰ্ঘটনাৰ সময়ত ভালেকেইগৰাকী যাত্ৰী বাছৰ পৰা বাহিৰত ওলাই পৰিছিল। আৰক্ষী আৰু অন্যান্য জৰুৰীকালীন কৰ্মীসকলে পীড়িতসকলক উদ্ধাৰৰ বাবে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক