উত্তৰ প্ৰদেশৰ মীৰাটত বিশাল নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মীৰাটত এখন বিশাল নির্বাচনী সভাত অংশ গ্ৰহণ কৰে৷ সভাত ভাষণ দি মোদীয়ে কয় যে ২০২৪ চনৰ লোকসভা নির্বাচন কেৱল বিজেপি চৰকাৰ গঠনৰ বাবেই নহয় বৰঞ্চ ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ বাবে এই নির্বাচন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তেওঁ লগতে কয় যে, যেতিয়া ভাৰত বিশ্বৰ একাদশ বৃহত্তম অর্থনীতি আছিল, তেতিয়া ভাৰতৰ দৰিদ্ৰতাৰ হাৰ আকাশলংঘী হৈছিল, যেতিয়া ভাৰত পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হ’ল, তেতিয়া ২৫ কোটিৰো অধিক লোকে দৰিদ্ৰতাৰ কৱলৰ পৰা মুক্তি পালে। যেতিয়া ভাৰত ৩য় বৃহৎ অর্থনীতিলৈ উন্নীত হ’ব, তেতিয়া দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল হ’ব আৰু মধ্যবিত্ত শ্ৰেণীয়ে ভাৰতৰ উন্নয়নত ইন্ধন যোগাব। ভাৰতে উৎপাদন খণ্ডত যথেষ্ট পৰিমানে বিনিয়োগ কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ যুৱক-যুৱতীসকলে প্ৰতিটো খণ্ডতে যথেষ্ট সুবিধা লাভ কৰিছে। আজি সমগ্ৰ বিশ্বতে ভাৰতৰ বিশ্বাসযোগ্যতাই নতুন মাত্ৰা লাভ কৰিছে আৰু বিশ্বই ভাৰতলৈ দৃষ্টি নিক্ষেপ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বুলিও উল্লেখ কৰে যে, তেওঁ দেশখনক দুৰ্নীতিৰ পৰা মুক্ত কৰিবলৈ অহৰ্নিশে যুজঁ দি আহিছে আৰু ইয়াৰ ফল স্বৰূপেই আজি দুৰ্নীতিগ্রস্ত লোক সকল কাৰাগাৰলৈ গৈছে। তেওঁ কয়, যোৱা দহ বছৰত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, এক পদ এক পেঞ্চন আঁচনি, তিনি তালাক প্রথাৰ বিৰুদ্ধে কঠোৰ আইন আৰু মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দৰে কেইবাটাও কাম সফলতাৰে কৰা হৈছে যিবোৰ এসময়ত অসম্ভৱ বুলি বিবেচিত হৈছিল । সভাত উপস্থিত থাকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত দেশৰ উন্নয়নত এক বৃহৎ পৰিবৰ্তন আনিছে। উল্লেখযোগ্য যে দূৰদৰ্শনৰ ধাৰাবাহিক ৰামায়ণৰ প্ৰখ্যাত অভিনেতা অৰুণ গোভিলক বিজেপিয়ে মীৰাট লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। তেওঁৰ হৈ আজি প্রধানমন্ত্ৰীগৰাকীয়ে নির্বাচনী সভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক