উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাত সংঘটিত দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু, ৩৭ গৰাকী লোক আহত

উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰ জিলাৰ ছালেমপুৰ আৰক্ষী চকীৰ সমীপত হোৱা এটা দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ গৰাকী লোক আহত হয়। আহত সকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৪ গৰাকী মিৰাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ বুজ লৈ সংশ্লিষ্ট বিষয়াসকলক আহতসকলৰ বাবে শীঘ্ৰেই সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। জিলাখনৰ দণ্ডাধীশ চন্দ্রপ্রকাশ সিঙে কয় যে, দুর্ঘটনাগ্রস্ত বাহন দুখনৰ এখন গাজিয়াবাদৰ পৰা আহি থকাৰ বিপৰীতে আনখন বাহন বুলণ্ডচহৰলৈ গৈ আছিল। গাজিয়াবাদত এটা সংস্থাত কাম কৰি থকা লোকসকলে ৰাখী বন্ধন উৎসৱ উদযাপন কৰাৰ উদ্দেশ্যে আলিগড় জিলাৰ ৰায়পুৰ গাঁওলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

অধিক পঢ়ক

সকলো চাওক