কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে অহা ৪ জুনত এন ডি এ-ই ৪০০ খনতকৈ অধিক আসন লাভ কৰিব আৰু নৰেন্দ্ৰ মোদী পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ স্থান অক্ষুণ্ণ ৰাখিব আৰু ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে আই এন ডি আই মিত্ৰজোটৰ পৰাজয়ৰ বাবে ই ভি এমসমূহক দোষাৰোপ কৰি সংবাদ মেল অনুষ্ঠিত কৰিব। তেওঁ কয় যে, ৪ জুনৰ ফলাফলৰ পাছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবলৈ বাধ্য হব। উত্তৰ প্ৰদেশৰ কুশীনগৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত আজি এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে এই বুলি মন্তব্য কৰে । আনহাতে, উত্তৰ প্ৰদেশৰ মাউত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা যোগী আদিত্য নাথে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন বিকশিত ভাৰত প্ৰত্যক্ষ কৰিছে। ২০১৪ চনৰ পূৰ্বৰ ভাৰত আৰু ২০২৪ চনৰ ভাৰতৰ মাজত বিশাল পার্থক্য দেখিবলৈ পোৱা গৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি বাৰাণসীত উপস্থিত হৈ কালভৈৰৱ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। শ্রীনাড্ডাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপি ক্ষমতাত থকালৈকে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে অনুমতি দিয়া নহ’ব।
Site Admin | May 27, 2024 7:54 PM | Campaign Amit Shah
উত্তৰ প্ৰদেশৰ কুশীনগৰত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ জনসভা
