ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নতুন প্ৰজন্মই নৱ জাগৰণ সৃষ্টিৰ বাবে আগুৱাই আহিব লাগিব বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

ভাৰতবৰ্ষ এতিয়া বিশ্বৰ সন্মুখত সম্পূৰ্ণ সম্ভাৱনাৰে উদীয়মান তাৰকা সদৃশ আৰু এই সম্ভাৱনা বহন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নতুন প্ৰজন্মই নৱ জাগৰণ সৃষ্টিৰ বাবে আগুৱাই আহিব লাগিব বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। আজি গুৱাহাটীত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তনত দিয়া ভাষণত উপৰাষ্ট্ৰপতিগৰাকীয়ে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতবৰ্ষ এতিয়া বিভিন্ন সুযোগ সন্ধানৰ ক্ষেত্ৰত অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে আৰু যুৱক-যুৱতীসকলৰ বাবে চৰকাৰে বিভিন্ন নীতিৰ আধাৰত বিকাশৰ বাবে সুযোগ প্ৰদান কৰিছে। শ্রীধনখড়ে কয় যে, ভাৰতবৰ্ষই  শীঘ্ৰে জাপান, জার্মানী আৰু অন্য বহু উন্নত ৰাষ্ট্ৰক অতিক্ৰম কৰি তৃতীয় বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হব। এই ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। শ্রীধনখড়ে লগতে ভাৰতৰ আধ্যাত্মিক ঐতিহ্যৰ বিষয়ে মন্তব্য কৰি কয় যে ৫ সহস্ৰাধিক বছৰ পুৰণি এই পৰম্পৰাক সৰোগত কৰি দেশখনৰ আধ্যাত্মিক গুৰুসকলে ঐতিহ্যক বহন কৰি আহিছে। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো বিশেষ অতিথি হিচাপে উপস্থিত থাকে। উপ-ৰাষ্ট্ৰপতি শ্রীধনখড়ে আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত তেওঁৰ সন্মানার্থে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজমেলতো অংশগ্ৰহণ কৰিব ।

অধিক পঢ়ক

সকলো চাওক