উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মিজোৰামত আজি ব্যাপক উৎসাহ-উদ্দীপনাৰে এই দিৱস উদযাপন কৰা হয়। আছাম ৰাইফলছ গ্রাউণ্ড লামুৱালত আয়োজিত ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্রী লালডুহোমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত তেওঁৰ নেতৃত্বত চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে স্বচ্ছ প্ৰশাসনৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনৰ ধবজাবাহী আঁচনি বন-কাইহৰ অধীনত স্থানীয় শিল্পীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিয়ে ৰাজ্যখনৰ বহু লোকক উপকৃত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। তদুপৰি মাদক দ্ৰৱ্যৰ প্ৰচলন আৰু সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ অব্যাহত ৰাখিব বুলিও তেওঁ উল্লেখ কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশতো আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত আয়োজিত মূল কাৰ্যসূচীত মুখ্যমন্ত্ৰী পেমা খান্দুৱে ত্ৰিৰংগা পতাকা উত্তোলন কৰে। নিজৰ ভাষণত জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ পূৰ্বে বিকশিত অৰুণাচল গঢ়ি তোলাৰ বাবে সহযোগিতা আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে ৰাজ্যখনত অপৰাধ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে নতুন প্ৰযুক্তিৰ সহায় লৈছে বুলি উল্লেখ কৰে। মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আজি স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্যখনত শান্তি প্ৰতিষ্ঠাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনত ৩৪টা স্বীকৃতি জনজাতি আছে আৰু সকলোৱে একগোট হৈ এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতৰ অংশীদাৰ হ’ব লাগিব ।
মেঘালয়তো আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডছত আয়োজিত কেন্দ্রীয় কাৰ্যসূচীত মুখ্যমন্ত্রী কনৰাড কে চাংমাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নিজৰ ভাষণত শ্ৰীচাংমাই ২০৩২ চনৰ ভিতৰত মেঘালয়ত বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত কৰোৱাৰ লগতে মুঠ ঘৰৱা উৎপাদন আৰু জনমুৰি আয় বৃদ্ধিৰে দেশৰ শীৰ্ষ ১০খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। উত্তৰ-পূবৰ অন্যান্য ৰাজ্যকেইখনতো আজি উৎসাহ-উদ্দীপনাৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।