উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে লগতে কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। আজি সংসদ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দি তেওঁ কয় যে, জনসাধাৰণে এইবাৰ অনুধাৱন কৰিছে যে চৰকাৰেহে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, নতুন চৰকাৰে সংসদৰ পৰৱৰ্তী অধিৱেশনত প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰিব। সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ দৃষ্টিকোণেৰে এই বাজেটখন প্ৰস্তুত কৰা হ’ব আৰু ক্ষিপ্ৰতাৰে এই বাজেটখনৰ বিভিন্ন সংশোধন কৰা হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বিগত ১০ বছৰত দেশখন একাদশ স্থানৰ পৰা পঞ্চম বৃহৎ অর্থনীতিৰ দেশলৈ পৰিগণিত হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংঘাত আৰু মহামাৰীৰ সত্ত্বেও ভাৰতে উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। তেওঁ কয় যে, চৰকাৰে ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে চৰকাৰে ইয়াৰ আঁচনিসমূহৰ ফলাফলসমূহ যাতে সকলোৱে লাভ কৰিব পাৰে, সেইটো সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে আৰু প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত গ্রামাঞ্চলক সংযোগ কৰাৰ বাবে ৩.৮ লাখ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক