June 2, 2024 1:25 PM | NFR

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে’লৰ চলাচল বাতিল

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে’ল চলাচল বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ মাজৰ ৰে’ল পথৰ ক্ষতিসাধন আৰু শিলচৰ ষ্টেচনত পানী জমা হোৱাৰ বাবে পথচোৱাৰে চলাচল কৰা কেইবাখনো ৰে’লগাড়ীৰ যাত্রা বাতিল কৰিছে। আজি আৰু কাইলৈ শিলচৰ-গুৱাহাটী ৰে’ল, গুৱাহাটী-শিলচৰ ৰে’ল, শিলচৰ-জিৰিবাম ছিৰিবা ৰে’ল, জিৰিবাম ছিৰিবা-শিলচৰ ৰে’ল, শিলচৰ-মণিপুৰ ভৈৰৱী ৰে’ল, দুৰ্লভচাৰ-শিলচৰ ৰে’ল আৰু দুর্লভচাৰ-গুৱাহাটী ৰে’লকে ধৰি মুঠ ৮খন যাত্রীবাহী ৰেলৰ চলাচল বন্ধ কৰা হৈছে। আনহাতে ৰে’ল বাতিলৰ ফলত লামডিং জংচনত বহু যাত্ৰী আবদ্ধ হৈ পৰে।

অধিক পঢ়ক

সকলো চাওক