May 12, 2024 12:05 PM | Indian Railway

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইখনমান ৰে’লগাড়ীৰ সময় সূচীৰ সাল-সলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাবাং হাজাও ৰে’ল ষ্টেচনৰ মাজত ৰেলপথ মেৰামতিৰ কাম চলি থকাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচল বাতিল কৰাৰ লগতে সময় সূচীৰ সাল-সলনি ঘটোৱা হৈছে। সেই অনুসৰি আজি যাত্ৰা কৰিবলগীয়া ১৫৬১৫ আৰু ১৫৬১৬ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা বাতিল কৰা হৈছে। লগতে আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটী এক্সপ্ৰেছ আৰু পৰহিলৈ যাত্ৰা কৰিবলগীয়া আলিপুৰদুৱাৰ-গুৱাহাটী ছিফুং এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে, কামৰূপ এক্সপ্ৰেছ, ব্রহ্মপুত্র মেইল, নর্থ-ইষ্ট এক্সপ্ৰেছৰ লগতে আন কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰাৰ সময়সূচী সলনি কৰা হৈছে। যাত্ৰীসকলে অধিক তথ্যৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱেবছাইটত ল’গইন কৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক