লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ৰে’ল ষ্টেচনৰ মাজত এখন মালবাহী ৰে’লগাড়ীৰ ইঞ্জিন ৰে’ল পথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সাল-সলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰে’লগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বাতিল কৰাৰো সিদ্ধান্ত লোৱা বুলি এখন বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। সেই অনুসৰি আগৰতলা-গুৱাহাটী বিশেষ ৰে’লগাড়ীৰ কালিৰ যাত্ৰাৰ লগতে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী-আগৰতলা বিশেষ ৰে’লগাড়ীখনৰ আজিৰ যাত্ৰা, শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছৰ কাইলৈৰ, এল টি টি আগৰতলা এক্সপ্ৰেছৰ ২৮ এপ্ৰিলৰ আৰু ফিৰোজপুৰ-আগৰতলা এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ অহা ২৯ এপ্ৰিলৰ নিৰ্ধাৰিত যাত্ৰা বাতিল কৰা হৈছে। আনহাতে, হমছফৰ এক্সপ্ৰেছ, ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, দুল্লবচেৰা-গুৱাহাটী এক্সপ্ৰেছ, আগৰতলা-ফিৰোজপুৰ এক্সপ্ৰেছ, আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা এল টি টি এক্সপ্ৰেছ ৰে’লগাড়ীকেইখনৰ যাত্ৰাপথ সীমিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একেদৰে আজিৰ দিনটোৰ বাবে নিৰ্ধাৰিত তিনিখন ৰে’লগাড়ীৰ যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি শিলচৰ-ত্রিবান্দম এক্সপ্ৰেছ ৰে’লগাড়ীখনে পুৱা ৬ বজাত যাত্ৰা আৰম্ভ কৰাৰ বিপৰীতে আগৰতলা-ছেকন্দাবাদ বিশেষ ৰে’লগাড়ীখনৰ যাত্ৰা বিয়লি তিনি বজাত আৰু শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা পুৱা ১০ বজাত আৰম্ভ হ’ব বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে।
Site Admin | April 26, 2024 11:26 AM | North east railway