April 21, 2024 12:49 PM | Indian Railway

printer

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে। ৰে’ল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়োখন বিশেষ ৰে’লৰ দহোটাকৈ যাত্ৰা সেৱা পৰিচালনা কৰা হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জানিবলৈ দিছে। সম্বলপুৰ আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰে’লখনে কাইলৈৰ পৰা ২৪ জুনলৈ সম্বলপুৰৰ পৰা প্ৰতি সোমবাৰে সন্ধিয়া ৬-৫০ত যাত্ৰা আৰম্ভ কৰি বুধবাৰে মাজৰাতি ১-২০ত গুৱাহাটীত আহি উপস্থিত হ’ব। উভতনি যাত্ৰাত গুৱাহাটীৰ পৰা বুধবাৰে পুৱা ৮ বজাত যাত্ৰা আৰম্ভ কৰি শুকুৰবাৰে আবেলি ৪-১৫ত সম্বলপুৰত উপস্থিত হ’ব। একেদৰে কাটৰা আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰে’লখন ২৬ এপ্ৰিলৰ পৰা ২৮ জুনলৈ কাটৰাৰ পৰা শুকুৰবাৰে ৰাতি ৯-৩০ বজাত যাত্ৰা আৰম্ভ কৰি দেওবাৰে গধূলি ৭-১০ বজাত গুৱাহাটীত উপস্থিত হ’ব। একেদৰে বিপৰীত দিশত বিশেষ ৰে’লখন প্ৰতি সোমবাৰে নিশা ১১.২০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে সন্ধিয়া ৮-৪৫ত কাটৰাত উপস্থিত হ’ব।

অধিক পঢ়ক

সকলো চাওক