উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয় বৰঞ্চ ভাৰতৰ সাৰমৰ্মক মূৰ্ত কৰি তোলা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এখন সজীৱ ছবিঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নতুন দিল্লীত কালি এটা ব্যক্তিগত অনুষ্ঠানত ভাষণ দি কয় যে, উত্তৰ- পূৰ্বাঞ্চল দেশৰ হৃদয় আৰু আত্মা। তেওঁ কয় যে, উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয় বৰঞ্চ ভাৰতৰ সাৰমৰ্মক মূৰ্ত কৰি তোলা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এখন সজীৱ ছবি। উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ চহকী আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্য তথা ইয়াৰ সজীৱ সংস্কৃতি, খাদ্যাভ্যাস আৰু মানৱীয় শক্তিৰ প্ৰশংসা কৰে। শেহতীয়াকৈ অসমীয়া ভাষাটো ধ্রুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ বিষয়তো উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে। তেওঁ কয় যে এই স্বীকৃতিয়ে দেশৰ চহকী ঐতিহ্য, বৈচিত্র্য তথা সংস্কৃতি প্ৰদৰ্শন কৰে। সংবাদ মাধ্যমৰ সন্দৰ্ভত ভাষণ দি উপ-ৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে সংবাদদাতাসকলক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্রদূত হ’বলৈ আৰু পৰ্যটন তথা উন্নয়নৰ ক্ষেত্ৰত অঞ্চলটোৰ সম্ভাৱনাক বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক