ডাউনলোড
মোবাইল এপ

android apple
signal

January 6, 2025 6:10 PM | cold wave

printer

উত্তৰ আৰু উত্তৰ-পূব ভাৰতত একেৰাহে চতুর্থ দিনৰ বাবেও প্রচণ্ড শীত অনুভূত

সমগ্ৰ উত্তৰ আৰু উত্তৰপূব ভাৰতত আজি একেৰাহে চতুর্থ দিনৰ বাবেও প্রচণ্ড শীত অনুভূত হোৱাৰ লগতে তাপমাত্রা নিম্নগামী হৈছে।এই সময়চোৱাত ঘন কুঁৱলীয়ে চৌপাশ আঁৱৰি ৰখাৰ ফলত কেইবাখনো মহানগৰত দৃশ্যমানতা হ্ৰাস পাইছে। ইয়াৰ ফলত ৰে’ল আৰু বিমান চলাচলো প্ৰভাৱিত হৈছে। কাশ্মীৰ উপত্যকাৰ লগতে জম্মু সংমণ্ডলৰ বিভিন্ন স্থানত কালি মধ্যমীয়াৰ পৰা প্ৰচণ্ড তুষাৰপাত হয়। ২৭৫ কিলোমিটাৰ জোৰা ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিগুণ্ড খণ্ড যোৱা নিশা তুষাৰপাতৰ বাবে বন্ধ কৰিব দিবলগীয়া হয়। স্থানীয় প্রশাসনে সেই অঞ্চলৰ জনসাধাৰণক বতৰ উন্নত হৈ পথ মুকলি নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। লাডাখত আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে কাৰগিল লেহ কিলগিট, স্মর্ভুকে ধৰি কেইবাটাও স্থানত তুষাৰপাতৰ সম্ভাৱনা দেখা গৈছে। শ্ৰীনগৰৰ পৰা কাৰগিল অভিমুখী আৰু কাৰগিলৰ পৰা জাংস্কাৰ অভিমুখী পথ প্রচণ্ড তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে। ইফালে, পশ্চিমবংগৰ কলকাতা বিমান বন্দৰত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে কমেও ৬০খন বিমানৰ যাত্ৰা পিছুৱাই দিয়া হৈছে। ঝাৰখণ্ড চৰকাৰেও ৰাজ্যখনত প্ৰচণ্ড শীতপ্ৰবাহৰ বাবে ৭ ৰ পৰা ১৩ জানুৱাৰীলৈ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে। একেদৰে বিহাৰতো ৰাজ্যখনৰ চৰকাৰে সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় ৮ ৰপৰা ১১ জানুৱাৰীলৈ বন্ধ ঘোষণা কৰিছে। হাৰিয়ানা আৰু পঞ্জাবৰ অঞ্চল বিশেষে কালি শীতপ্রবাহৰ পৰিস্থিতি একেধৰণৰ হোৱা পৰিলক্ষিত হয়। হাৰিয়ানাৰ নাৰ’নাওলত সর্বনিম্ন তাপমাত্রা ৬ দশমিক ৮ ডিগ্রী ছেলছিয়াছ আৰু পঞ্জাৱৰ বথিন্দাত ৭ দশমিক ৪ ডিগ্রী ছেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। ৰাজধানী দিল্লীত আজি পুৱাৰ ভাগত পাতলীয়া বৰষুণ হোৱাৰ লগতে কেইবাটাও অঞ্চলত দৃশ্যমানতা হ্ৰাস পোৱাৰ ফলত কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰাৰ লগতে ৰে’ল যাত্ৰা সময় পিছুৱাই দিয়া হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি হিমাচল প্ৰদেশৰ কেইটা মান স্থানত বিজুলী ঢেৰেকনীৰে বৰষুণ হ’ব বুলি আগ জাননি দিছে। একেদৰে, পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, ছিকিম আৰু উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অহা দুদিনত পুৱা আৰু নিশাৰ ভাগত ঘন কুৱঁলীয়ে আঁৱৰি ৰাখিব বুলিও কোৱা হৈছে। উত্তৰাখণ্ডতো উচ্চতাত থকা স্থানসমূহত বৰফ পৰাৰ লগতে নিম্ন অঞ্চলসমূহত পাতলীয়া বৰষুণ হ’ব বুলি বিভাগীয় সূত্রই প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক