ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকেৰ যোৱা নিশা উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি কৰে। অনুষ্ঠানত ভাষণ দি ড০ জয়শংকৰে কয়, যে এই দূতাবাসটোৱে ভাৰতীয় সম্প্ৰদায়ৰ প্রয়োজনীয সেৱাসমূহ পূৰ কৰাত সহায়ক হ’ব। তেওঁ লগতে কয়, যে বেলফাষ্টৰ এই দূতাবাসটোৱে ভাৰত আৰু আয়াৰেলণ্ডৰ মাজত বাণিজ্য, প্রযুক্তি, ব্যৱসায় আৰু শিক্ষা ক্ষেত্ৰৰ ভৱিষ্যতেও দ্বিপাক্ষিক সহযোগিতাৰ সম্ভাৱনা মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উত্তৰ আয়ালেণ্ডৰ উপ প্রধানমন্ত্রী এম লিটন পেংগলী আৰু কনিষ্ঠ মন্ত্ৰী এইছলিঙ ৰেইলিক সাক্ষাৎ কৰে।


আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ কাইলৈ ডুবাই ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে যোৱা মঙলবাৰে অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ফাইনেল খেলখনক লৈ ভাৰতীয় দৰ্শকৰ মাজত অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক