উত্তৰাখণ্ডৰ গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি

উত্তৰাখণ্ডৰ ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে আজি গড়ৱাল আৰু কুমাও অঞ্চলৰ কেইবাখনো জিলাত অতি প্রবল বৰষুণৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বিভাগৰ তথ্য অনুসৰি বহু ঠাইত প্ৰবলৰ পৰা অতি প্রবল বৰষুণৰ সম্ভাৱনা আছে। কুমাওৰ বিচ্চিন্ন অঞ্চলত অত্যন্ত প্রচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি চামলি আৰু পৌৰী জিলাত প্ৰবলৰ পৰা অতি প্রবল বৰষুণ হব পাৰে, বিচ্চিন্ন ঠাইত অত্যন্ত বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে উত্তৰাখণ্ডৰ দেৰাডুন, তেহৰী, হৰিদ্বাৰ, ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰ কাশী জিলাৰ বিভিন্ন স্থানত প্ৰবলৰ পৰা অতি প্রচণ্ড বৰষুণৰ সম্ভাৱনাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ৰেড এলাৰ্টৰ প্ৰতি সঁহাৰি জনাই আজিৰ বাবে চাৰধাম যাত্ৰা স্থগিত ৰখা হৈছে। পৰহি সন্ধিয়া গড়ৱাল সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰি মন্দিৰ অভিমুখী তীর্থযাত্ৰীসকলক আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ঋষিকেশৰ সিপাৰে যাত্ৰা নকৰিবলৈ তীর্থযাত্ৰীসকলক আহ্বান জনাইছে। বতৰ ফৰকাল হলেহে তীর্থযাত্রীসকলক যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বহু ঠাইত প্ৰবলৰ পৰা অতি প্রবল বৰষুণৰ পূৰ্বাভাষ দিয়াৰ পিছতেই সংশ্লিষ্ট জিলাসমূহৰ সকলো জিলা দণ্ডাধীশক সতর্ক হবলৈ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামি নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক