ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ১২ টা পদক লাভ

অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত বৰ্তমানলৈকে ১২ টা পদক লাভ কৰিছে। অসমে কালি ৩টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰে ভিতৰত অসমে সাঁতোৰত দুটা, ভাৰোত্তলনত আৰু উদ্ভুত একোটাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ একেটা শিতানত আস্থা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰোত্তোলনত সুদিত্য বৰুৱাই কালি অসমক তৃতীয়টো পদক দিয়ে। সুদিত্যই পুৰুষৰ ৮৯ কিলোগ্রাম ওজন শাখাত স্নেছত শিতানত ১৪১ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্ক শিতানত ১৭৮ কিলোগ্রাম ভাৰোত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। একেদৰে ক্ষুদ্ৰা পানগিঙে উধুৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ চান্দা ফ্রিষ্টাইলৰ ফাইনেলত পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। ইপিনে, অসমৰ পুৰুষ ফুটবল দলটোৱে উত্তৰাখণ্ডক ১-০ গ’লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অসমে ৰাষ্ট্ৰীয় ক্রীড়াত আজি ল’নবল, যোগাসন, সাঁতোৰ, ভাৰোত্তোলন, আৰ্চাৰী, বক্সিং আৰু বেডমিণ্টনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক