উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰে। হল্ডৱানীৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রকল্প চৌহদত আজি বিয়লি এই সমাৰোহৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মনসুখ মন্দাভিয়াই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সামৰণি অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি কয়, যে দেৱভূমি বুলি কোৱা উত্তৰাখণ্ডত আয়োজিত ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত দেশৰ ক্রীড়াবিদসকলে পাৰদৰ্শিতাৰে ক্ৰীড়া প্ৰদৰ্শন কৰি দেৱভূমিক খেলভূমিলৈ ৰূপান্তৰিত কৰিলে। ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ শেহতীয়া ৬টা সংস্কৰণত এইবেলি পঞ্চমবাৰৰ বাবে ছাৰ্ভিচেছে পদকৰ তালিকাত শীর্ষ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে। ছাৰ্ভিচেছে প্রতিযোগিতাখনত ৬৮ টা সোণ, ২৬টা ৰূপ আৰু ২৭টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১২১ টা পদক লাভ কৰে। দ্বিতীয় স্থান অধিকাৰ কৰা মহাৰাষ্ট্ৰই ৫৪ টা সোণ, ৭১ টা ৰূপ আৰু ৭৩ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৯৮ পদক লাভ কৰে। আৰু তৃতীয় স্থানৰ হাৰিয়ানাই ৪৮ টা সোণ, ৪৭টা ৰূপ আৰু ৫৮ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাখনত অসমে ৩ টা সোণ, ১৫ টা ৰূপ, ১৬টা ব্ৰঞ্জসহ মুঠ ৩৪ টা পদকেৰে পদক তালিকাৰ ২৪ সংখ্যক স্থানতে সন্তুষ্ট থাকে।
Site Admin | February 14, 2025 8:19 PM | 38th National Games | Amit Shah | HM India | Indian Sports
উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি
