August 9, 2024 8:28 PM | Vice President

printer

উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ৰ বিষয়ে কৰা অসংসদীয় মন্তব্যক শাসকীয় পক্ষৰ নিন্দাসূচক প্ৰস্তাৱ

ৰাজ্যসভাত আজি শাসকীয় পক্ষই উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ব বিষয়ে কৰা অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কবে। সদনৰ নেতা তথা কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ কয় যে বিৰোধী পক্ষৰ মন্তব্য অসংসদীয় আৰু অতিকে আপত্তিজনক। শ্রীধনখড়ে জয়া বচ্চনৰ মন্তব্যক লৈ আপত্তি দৰ্শাই কৈছে যে কাকোৱে সভাপতিৰ গৰিমাৰ লাঘৱৰ অনুমতি প্ৰদান কৰা নহ’ব। তেওঁ বিশেষকৈ জয়া বচ্চনে সভাপতিৰ ভাষা, সুৰ আৰু স্বভাৱ সম্পৰ্কে কৰা মন্তব্যক লৈ আপত্তি দর্শায়। শাসকীয় পক্ষৰ সদস্যসকলেও জয়া বচ্চনৰ মন্তব্যক লৈ আপত্তি প্ৰদৰ্শন কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বিৰোধী পক্ষৰ সদস্যসকলে সদন ত্যাগ কৰে। ইয়াৰ পাছতে কেইবাগৰাকীও সদস্য আৰু মন্ত্ৰীয়ে বিৰোধী পক্ষৰ সমালোচনা কৰি কয় যে তেওঁলোকে সদন আৰু সভাপতিৰ মৰ্যাদা লাঘৱ কৰাৰ চেষ্টা চলাইছে। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি প্ৰশ্নকালৰ কাম-কাজো সম্পন্ন কৰিব পৰা নহ’ল আৰু সদনৰ কাম-কাজ তিনিবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে বিৰোধী পক্ষৰ আচৰণ অগ্ৰহণ যোগ্য আৰু তেওঁলোকে সভাপতিৰ ওচৰত ক্ষমা খোজা উচিত। প্রাক্তন প্রধানমন্ত্রী তথা জে ডি এছৰ নেতা এইছ ডি দেৱেগৌড়াই কয় যে সদনৰ সদস্য হিচাপে সভাপতিৰ সিদ্ধান্ত আৰু আপীলৰ সন্মান কৰা উচিত ৷ কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে সভাপতিৰ সিদ্ধান্ত মানি চলাটো প্ৰতিগৰাকী সদস্যৰ কৰ্তব্য আৰু বাৰে বাৰে সিদ্ধান্ত পালন নকৰা সদস্যসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত। জে ডি ইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাই বিৰোধী পক্ষৰ সদস্যসকলে সভাপতিক সতীৰ্থ বুলি কোৱাটো অপমানজনক আখ্যা দিয়ে আৰু জয়া বচ্চনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ কেন্দ্ৰীয় কৃষি বাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰেও দলৰ স্থিতিৰ অনুৰূপ মন্তব্য দিয়ে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰাম দাস আঠাৱালে এই ঘটনাটোক কলা দিৱস বুলি অভিহিত কৰে আৰু বিৰোধী পক্ষক ক্ষমা খুজিবলৈ দাবী জনায়। বি আৰ এছৰ সাংসদ কে আৰ সুবেশ বেড্ডী আৰু এন চি পি নেতা প্রফুল পেটেলেও সভাপতিৰ বিৰুদ্ধে কৰা মন্তব্যক গৰিহণা দিয়ে। ইয়াৰ পূৰ্বে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু বিৰোধী পক্ষৰ আন আন দলৰ সদস্যসকলে জয়া বচ্চনৰ মন্তব্যক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সদন ত্যাগ কৰে। শূণ্য কাল সম্পূৰ্ণ হোৱাৰ পাছত সভাপতি জগদীপ ধনখড়ে বিজেপিৰ ঘণশ্যাম তিৱাৰীয়ে বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যক লৈ বিবৃতি দি থকাৰ সময়ত সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনে সভাপতিৰ বিৰুদ্ধে মন্তব্য দিয়ে। শ্রীধনখড়ে এই মন্তব্যক লৈ আপত্তি দর্শাই কয় যে তেওঁৰ আচৰণ সদনৰ গৰিমাৰ পৰিপন্থী ।

অধিক পঢ়ক

সকলো চাওক