ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে অধিষ্ঠিত থকাৰ বিপৰীতে ন্যায়াধীশ আৰ মহাদেৱন মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰূপে নিযুক্ত আছিল।
Site Admin | July 18, 2024 7:04 PM | Supreme Court
উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ শপত গ্ৰহণ
