ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ম’হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰৰ ১৭ ডিচেম্বৰত এখন লেখ আবেদনৰ জৰিয়তে প্ৰদান কৰা চূড়ান্ত ৰায় অনুসৰি ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত ম’হ আৰু বুলবুলি চৰাইৰ যুঁজৰ অনুমতি প্ৰদান কৰি জাৰি কৰা অধিসূচনা বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২ আৰু আন বন্যপ্রাণী সুৰক্ষা আইনৰ সম্পূৰ্ণ উলংঘন বুলি প্ৰকাশ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুৰ সময়ছোৱাত এই আইন উলংঘা হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে এইক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
Site Admin | January 14, 2025 11:22 AM | Bhogali Bihu