ডাউনলোড
মোবাইল এপ

android apple
signal

April 11, 2024 7:08 PM | Eid ul fitar

printer

ঈদ-উল ফিটৰ উপলক্ষে সমগ্ৰ দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

আজি পবিত্র ঈদ-উল ফিটৰ। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাই বিভিন্ন ঈদগাহ আৰু মছজিদত ঈদৰ নামাজ আদায় কৰিব। দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল মণ্ডলী অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ঈদ-উল-ফিটৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে এই উৎসৱে প্রেম, ভাতৃত্ববোধ আৰু একতাৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, পবিত্র ঈদ হৈছে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ সৈতে আনন্দ উপভোগ কৰাৰ সুন্দৰ সময়। এই উৎসৱে সকলোকে শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ আৰু সমাজৰ সমৃদ্ধিৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগায় বুলিও ৰাষ্ট্ৰপতি গৰাকীয়ে তেঁওৰ বার্তাটোত উল্লেখ কৰে।

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে ঈদ-উল ফিতৰে আমাক উদাৰতা আৰু একতাৰ মূল্যবোধৰ কথা মনত পেলাই দিয়াৰ লগতে আমাৰ দেশৰ বৈচিত্রময় নীতি-নিয়মক অধিক সুদৃঢ় কৰে। তেওঁ ঈদে সকলোৰে জীৱনলৈ আনন্দ আৰু পূৰ্ণতা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

এটা বাৰ্তাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পবিত্র ঈদ-উল ফিটৰে সমাজলৈ শান্তি, একতা আৰু গভীৰ মমতাবোধ কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক