April 26, 2024 11:51 AM | Delhi high court

printer

ই ভি এম সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত ৰায় প্ৰদান

উচ্চতম ন্যায়ালয়ে ভিভি পেট শিল্পৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি ৰায় অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্রিক সংস্কাৰ সংস্থাকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল। ১৮ এপ্ৰিলত বিষয়টোৰ শুনানি সম্পন্ন হোৱাৰ পাছত ২৪ এপ্ৰিললৈ ৰায়দান সুৰক্ষিত ৰখা হৈছিল। যোৱা ২৪ এপ্ৰিলত আদালতে ৰায়দান স্থগিত ৰাখে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা অধিক স্পষ্টীকৰণ বিচাৰে। শুনানিৰ সময়ত বিচাৰপীঠখনে ই ভি এম আৰু ভি ভি পেটৰ কাম-কাজ আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্রশ্ন সোধে। ন্যায়াধীশ খান্নাই নিয়ন্ত্রণ গোট অথবা ভি ভি পেটত মাইক্ৰ’ কন্ট্রোলাৰ স্থাপন কৰা আছে নে নাই সেই কথা স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগক নির্দেশ দিয়ে। ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ দত্তাই আজি বিষয়টো সন্দৰ্ভত সুকীয়াকৈ ৰায়দান কৰে।

অধিক পঢ়ক

সকলো চাওক