কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ইন্দোৰত মাতৃৰ নামত এজোপা গছ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ইন্দোৰত একেদিনাই ১১ লাখ গছপুলি ৰোপণ কৰা হয়। এয়া হৈছে একেদিনাই একোটা অঞ্চলত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ইন্দোৰ শেহতীয়াকৈ এখন সেউজ মহানগৰ হোৱাৰ সমান্তৰালকৈ এখন পৰিষ্কাৰ মহানগৰ হিচাপেও পৰিচিত হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰজন্মক এটা ভাল পৰিৱেশ প্ৰদানৰ আহ্বান জনাইছে। সেয়ে সমগ্র দেশতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে ২০২৫ চনৰ ভিতৰত পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ পুঁজি আৰম্ভ কৰা বুলিও গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে গুজৰাটত পৰিৱেশ বিভাগ স্থাপন কৰিছে। মধ্যপ্রদেশ সমগ্ৰ দেশৰে হাওঁফাওঁ বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, মধ্যপ্ৰদেশৰ ৩১ শতাংশই হৈছে বনাঞ্চল। এই বনাঞ্চল সমগ্ৰ দেশৰ মুঠ বনাঞ্চলৰ ১২ শতাংশ। সেয়ে শেহতীয়াকৈ মধ্যপ্রদেশে পৰ্যটনৰ ক্ষেত্ৰত এক নতুন মাত্ৰা লাভ কৰিছে। এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদবৰ লগতে কেবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকে।
Site Admin | July 14, 2024 8:28 PM | Amit Shah