ইণ্ডোনেছিয়াত থকা ভাৰতীয় মূলৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ সৈতে বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মত-বিনিময়

বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ- ৰাষ্ট্ৰপতি জিৱান ৰাকাবুমিং ৰাকাৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰি মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই চলিত বৰ্ষত ইণ্ডোনেছিয়া আৰু ভাৰতৰ আন্তঃসম্পৰ্কৰ ৭৫ বছৰ পূৰ্তিত সন্তোষ প্ৰকাশ কৰে। আজি শপত গ্ৰহণৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় সংগ্রহালয়ো পৰিদৰ্শন কৰে আৰু দেশখনৰ স্বাধীনতা আন্দোলনৰ সেনানীসকললৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰে ৷ ভ্ৰমণ কালত শ্ৰীমাৰ্ঘেৰিটাই দেশখনত উল্লেখনীয়ভাৱে কাম কৰি থকা ভাৰতীয় মূলৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ সৈতেও মত-বিনিময় কৰে।

অধিক পঢ়ক

সকলো চাওক