ৰুৰকেল্লাৰ বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত পুৰুষৰ হকী ইণ্ডিয়া লীগ প্রতিযোগিতাৰ এখন খেলত জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱে শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছক ২-১ গ’লত পৰাস্ত কৰে। জে এছ ডব্লিঅ’ ছুৰমাৰ হৈ প্রাভজ্যোত সিং আৰু মনিন্দ সঙে গ’ল দিয়ে। ইপিনে যুগৰাজ সিঙে শ্রাচী ৰাড় বেংগল টাইগাৰ্ছৰ হৈ একমাত্ৰ গ’লটো দিয়ে। প্রতিযোগিতাত বৰ্তি থকাৰ বাবে জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱৰ এই বিজয় অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। প্ৰতিযোগিতা তামিলনাড়ু ড্রেগনছে ১৫ পইণ্টেৰে শীৰ্ষ স্থানত আৰু হায়দাবাদ টুফান্স ১৩ পইণ্টেৰে দ্বিতীয় স্থানত আছে।
ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলাৰ এখন খেলত জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱে দেলহী এছ জি পাইপাৰ্ছক ৫-১ গ’লত পৰাস্ত কৰে। এই জয়েৰে ছুৰমা হকী ক্লাৱে ৯ পইণ্টৰ সহায়ত শীর্ষস্থান দখল কৰিছে। ৮ পইণ্টেৰে ওড়িশা ৱাৰিয়ৰ্ছ দ্বিতীয় স্থানত আছে।
আজি সন্ধিয়া ৬ বজাত হ’বলগীয়া মহিলাৰ এখন খেলত জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱ, ওড়িশা ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে নিশা ৮ বাজি ১৫ মিনিটত হ’বলগীয়া পুৰুষৰ খেলত ইউ পি ৰুদ্ৰাছে গোনাচিকা দলৰ বিৰুদ্ধে খেলিব।
Site Admin | January 21, 2025 11:52 AM | India Hockey